MyGov Assamese (@MyGovAssamese) header
MyGov Assamese (@MyGovAssamese) profile picture

Official Twitter (X) account of @MyGovIndia in Assamese, a citizen engagement platform of the Government of India.

New Delhi, India
Joined May 2023
Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)Photo by MyGov Assamese (@MyGovAssamese)
পৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীত তেখেতক সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। অসমক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতৰ সাহস, দেশপ্ৰেম আৰু আদৰ্শ নেতৃত্ব ভাৰতৰ ইতিহাসত অমৰ হৈ ৰ'ব আৰু প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। Remembering the valiant Veer Lachit Borphukan on his birth anniversary. His courage, patriotism and exemplary leadership in defending Assam remain immortal in India's history and continue to inspire generations. #lachitborphukan #lachitdiwas #lachitborphukanjayanti #veerlachit #assam #indianhistory #nationalpride #courage #patriotism #nationfirst #ɪɴᴄʀᴇᴅɪʙʟᴇɪɴᴅɪᴀ
21
Remembering Veer Lachit Borphukan on his birth anniversary. A symbol of courage, patriotism and exemplary leadership, Lachit Borphukan's remarkable role in the historic Battle of Saraighat (1671) remains an enduring testament to his determination to defend Assam and the motherland. As Hon'ble Prime Minister Shri Narendra Modi @narendramodi has said, his remarkable leadership and devotion to the people continue to inspire generations, reminding us of the strength and spirit of Assam. His legacy of valour, selfless service and unwavering commitment to the nation will continue to inspire generations to come. Veer Lachit Borphukan's bravery remains immortal in India's history. #LachitBorphukan #LachitDiwas #LachitBorphukanJayanti #VeerLachit #Assam #IndianHistory #NationalPride #Courage #Patriotism #NationFirst #IncredibleIndia @MinOfCultureGoI @mygovassam @mygovindia
4
2
257
#lachitdiwas উপলক্ষে বীৰ লাচিত বৰফুকনৰ শৌৰ্য, সাহস আৰু অতুলনীয় দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। শৰাইঘাটৰ মহানায়ক, যাৰ ৰণকৌশলৰ বিচক্ষণতা আৰু নিৰ্ভীক নেতৃত্বই অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল, তেওঁ আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ আদৰ্শ অসম তথা সমগ্ৰ দেশৰ বাবে সাহস, ত্যাগ আৰু গৌৰৱৰ এক চিৰন্তন প্ৰতীক। #LachitDiwas #LachitBarphukan #BattleOfSaraighat #AhomKingdom #PrideOfAssam #HistoryOfIndia #IncredibleIndia
17
নতুন দিল্লীত অনুষ্ঠিত ভাৰত-নেপাল যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী @narendramodi-ৰ ভাষণৰ মুখ্য অংশসমূহ ইয়াত আগবঢ়োৱা হ’ল। #IndiaNepalFriendship
1
24
গুৰু নানক দেৱ জীৰ প্ৰকাশ পূৰৱ উপলক্ষে প্ৰধানমন্ত্ৰী @narendramodi-য়ে শবদ কীৰ্তনত অংশগ্ৰহণ কৰিছে। 📹: youtube.com/live/sLU7Gb7y6fM… #GuruNanakJayanti
1
28
নেপালে ভাৰতৰ নিৰন্তৰ সমৰ্থনক শলাগ লৈছে! প্ৰধানমন্ত্ৰী @narendramodi-ৰ সৈতে যুটীয়া সংবাদমেলত ভাষণ দি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কঠিন সময়ত সদায় নেপালৰ কাষত থিয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনায় আৰু যোগাযোগ ব্যৱস্থা, কৰ্মসংস্থাপন, বাণিজ্য তথা বিনিয়োগৰ ক্ষেত্ৰত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। #IndiaNepalFriendship
1
16
নেপালে ভাৰতৰ নিৰন্তৰ সমৰ্থনক শলাগ লৈছে! প্ৰধানমন্ত্ৰী @narendramodi-ৰ সৈতে যুটীয়া সংবাদমেলত ভাষণ দি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কঠিন সময়ত সদায় নেপালৰ কাষত থিয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনায় আৰু যোগাযোগ ব্যৱস্থা, কৰ্মসংস্থাপন, বাণিজ্য তথা বিনিয়োগৰ ক্ষেত্ৰত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। #IndiaNepalFriendship
1
16
নতুন পথে চুবুৰীয়াসকলক অধিক ওচৰ চপাই আনিছে! নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে যুটীয়া সংবাদমেলত ভাষণ দি প্ৰধানমন্ত্ৰী @narendramodi-য়ে দ্বিপাক্ষিক সম্পৰ্ক আৰু অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰিবলৈ নতুন পথ, ৰে'ল আৰু বাণিজ্যিক যোগাযোগৰ পদক্ষেপসমূহৰ লগতে অযোধ্যা আৰু জনকপুৰক সংযোগ কৰা সৰযু-কমলা এক্সপ্ৰেছৰ শুভাৰম্ভণিৰ বিষয়ে আলোকপাত কৰে। #IndiaNepalFriendship
1
12
নেপালৰ যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ! নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে যুটীয়া সংবাদমেলত ভাষণ দি প্ৰধানমন্ত্ৰী @narendramodi-য়ে নেপালৰ যুৱপ্ৰজন্মক সৱল কৰি তুলিবলৈ IIT-ৰ এটা অফশ্ব'ৰ কেম্পাছ, ষ্টাৰ্ট-আপ আৰু ইনোভেচন হাব, বৰ্ধিত জলপানিৰ সুযোগ আৰু ক্ৰীড়া তথা সৃজনশীল উদ্যোগসমূহত অধিক সহযোগিতাৰ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। #IndiaNepalFriendship
1
17
ভাৰত সদায় নেপালৰ সৈতে আছে! নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহৰ সৈতে যুটীয়া সংবাদমেলত ভাষণ দি প্ৰধানমন্ত্ৰী @narendramodi-য়ে নেপালৰ প্ৰতি ভাৰতৰ অটল সমৰ্থনৰ কথা উল্লেখ কৰে। তেওঁ বানপানীৰ পৰৱৰ্তী পুনৰ নিৰ্মাণ আৰু দীৰ্ঘম্যাদী বিকাশৰ বাবে ২৪,০০০ কোটি নেপালী ৰুপীৰ উন্নয়ন পেকেজ ঘোষণা কৰাৰ লগতে ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ কথা পুনৰ নিশ্চিত কৰে। #IndiaNepalFriendship
1
19
পৱিত্ৰ উপহাৰে সাংস্কৃতিক বান্ধোন অধিক শক্তিশালী কৰি তুলিছে! প্ৰধানমন্ত্ৰী @narendramodi-য়ে ত্ৰিবেণীৰ পৱিত্ৰ গংগাজল নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক উপহাৰ দিয়ে, আৰু ইয়াৰ প্ৰত্যুত্তৰত তেওঁ শ্ৰদ্ধাৰ পশুপতিনাথ মন্দিৰৰ ৰুদ্ৰাক্ষ আৰু চন্দন প্ৰদান কৰে যিয়ে দুয়োখন দেশৰ উমৈহতীয়া পৰম্পৰা আৰু চিৰন্তন বান্ধোনৰ প্ৰতীক বহন কৰিছে। #IndiaNepalFriendship
2
23
গতি শক্তি প্ৰকল্পই প্ৰগতিক নতুন গতি দিছে! প্ৰধানমন্ত্ৰী @narendramodi আৰু নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে পি এম গতি শক্তি প'ৰ্টেল আৰু ৰে'লৱে প্ৰযুক্তিৰ এক প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে, যিয়ে সংহত আন্তঃগাঁথনি পৰিকল্পনা, উন্নত যোগাযোগ ব্যৱস্থা আৰু আধুনিক পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। #IndiaNepalFriendship
1
15
যোৱা সপ্তাহৰ ভাৰতীয় এলবামত আছে বনাঞ্চলৰ নতুন অতিথি, উপত্যকাৰ উৎসৱমুখৰ মনোৰম দৃশ্য, বন্যপ্ৰাণীৰ ৰোমাঞ্চকৰ আৱিষ্কাৰ আৰু বিশ্বব্যাপী স্বীকৃতি লাভ কৰা এক ভূতাত্ত্বিক বিস্ময়। বেছি সময় স্ক্ৰ’ল কৰাৰ প্ৰয়োজন নাই। মাত্ৰ ৰৈ চাবলগীয়া কেইটামান বিশেষ মুহূৰ্ত। #IndiaThisWeek
1
19
ভাৰতে নিজৰ ভৱিষ্যতৰ আকাংক্ষাসমূহ ভাগ-বতৰা কৰিছে! ৪৫ সংখ্যক IITF ২০২৬-ৰ #MyGovPavilion-ত নাগৰিকসকলে ভাৰতৰ ভৱিষ্যতৰ বাবে নিজৰ চিন্তা আৰু আকাংক্ষাসমূহ ভাগ-বতৰা কৰে য'ত জন ভাগীদাৰীৰ বাস্তৱ ৰূপ প্ৰতিফলিত হৈছে। স্থান - ভাৰত মণ্ডপম, নতুন দিল্লী | হ'ল H1, ষ্টল 1G-24-A #NewIndia #IITF2026 @ITPODesk
1
19
আপোনাৰ বাবে আজিৰ Morning Momentum আগবঢ়োৱা হৈছে। #newindia #viksitbharat
1
14
প্ৰধানমন্ত্ৰী @narendramodi -য়ে ৰাষ্ট্ৰপতি ভৱনত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক আদৰণি জনায় য'ত আনুষ্ঠানিক অভ্যৰ্থনা আৰু গাৰ্ড অৱ অনাৰে এই অনুষ্ঠানটোক বিশেষ কৰি তোলে যিয়ে ভাৰত আৰু নেপালৰ মাজৰ চিৰস্থায়ী বন্ধুত্ব আৰু শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কক উজ্জ্বল কৰি তুলিছে। #IndiaNepalFriendship
3
39
ছয় লেনৰ জৰিয়তে সুবিধাৰ অধিক ওচৰ চাপিল বিহাৰ! বিহাৰত নীতিশ সেতুৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী @narendramodi-য়ে গংগা নদীৰ ওপৰত নিৰ্মিত এই নতুন ছয় লেনযুক্ত কেবল দলংখনে পাটনা আৰু বৈশালীৰ মাজৰ যাত্ৰা কেনেকৈ অধিক সহজ আৰু দ্ৰুততৰ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰে। এই দলংখনে কৃষকসকলক শস্য, ফল-মূল, শাক-পাচলি আৰু দুগ্ধজাত সামগ্ৰীসমূহ ডাঙৰ বজাৰলৈ পৰিবহণ কৰাত সহায় কৰাৰ লগতে জনসাধাৰণৰ বাবে শিক্ষা আৰু ঔষধৰ সুবিধা লাভ কৰাটো অধিক সহজ কৰি তুলিব। তেওঁ লগতে ঔৰংগাবাদ-চোৰদাহা ছয় লেনযুক্ত ঘাইপথৰ উদ্বোধন আৰু আন কেইবাটাও ঘাইপথ প্ৰকল্পৰ শুভাৰম্ভণিৰ জৰিয়তে বিহাৰৰ সম্প্ৰসাৰিত পথ নেটৱৰ্কৰ বিষয়েও উল্লেখ কৰে। #NitishSetu #PMModiInBihar
1
17
প্ৰধানমন্ত্ৰী @narendramodi আৰু নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰিছে। 📹: youtube.com/live/LObVJGODYSE… #IndiaNepalFriendship
1
12
প্ৰতিটো দক্ষতাই সমান সন্মানৰ যোগ্য! উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত পঞ্চম কৌশল দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী @narendramodi-য়ে আই টি আই ITI শিক্ষাক লৈ থকা মানসিকতা সলনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু দৃঢ়তাৰে কয় যে IIT স্নাতকসকলৰ দৰেই আই টি আই শিক্ষাৰ্থীসকলো সমান সন্মানৰ যোগ্য। উদ্যোগসমূহক গতিশীল কৰি ৰখাত দক্ষ কৰ্মীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ যুৱ কৃতীসকলক সন্মান জনাবলৈ পাই আৰু দক্ষ কৰ্মৰ মৰ্যাদাক স্বীকৃতি দিবলৈ পাই গৌৰৱ প্ৰকাশ কৰে। #KaushalDeekshantSamaroh
1
17
দক্ষতা বিকাশক চোৱাৰ এক নতুন দৃষ্টিভংগী! প্ৰধানমন্ত্ৰী @narendramodi-য়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ৰ এক আকৰ্ষণীয় পদক্ষেপৰ কথা স্মৰণ কৰিছে। তেওঁ বিষয়াসকলক পুৱা শুই উঠাৰ পৰা ৰাতি বিছনালৈ যোৱালৈকে আৰু জন্মৰ পৰা মৃত্যুলৈকে মানুহক দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো কাম আৰু সেৱাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছিল। এই অনুশীলনৰ জৰিয়তে প্ৰায় ১,০০০টা এনে কাম চিনাক্ত কৰা যাৰ প্ৰতিটোৰে বাবে এক বিশেষ দক্ষতা বা সেৱাৰ প্ৰয়োজন হয়। ইয়াৰ ফলত দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগী গঢ় লৈ উঠিছিল আৰু সমাজখনক সচল কৰি ৰখাত এই দক্ষতাসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা স্পষ্ট হৈ পৰিছিল। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰসমূহত গুৰুত্ব দিবলৈ উৎসাহিত কৰিছিল, যাৰ ফলত গুজৰাটত এক আধুনিক দক্ষতা বিকাশৰ পৰিৱেশতন্ত্ৰ গঢ় লৈ উঠিছিল। #KaushalDeekshantSamaroh
1
29